বাবুয়ে জানো মিছা কথা কৈছে?

বিতৰ্কৰ আবৰ্তত বাবুৰ নতুন ভিডিঅ’

গায়ক বাবুৰ এটা মিউজিক ভিডিঅ’ই সমগ্ৰ অসম তোলপাৰ লগাইছে। মাজুলীৰ গাভৰু নামৰ ভিডিঅ’টোত সত্ৰীয়া নৃত্য শিকি থকা এগৰাকী গাভৰুৱে সত্ৰীয়া নৃত্যৰ পোচাকেৰে সত্ৰীয়া সংস্কৃতিৰ প্ৰদৰ্শন কৰি ভিক্ষা খুজি থকা দেখুওৱা হৈছে। সততে জাতীয় স্বাভিমানত আঘাত লগা অসমীয়াই বাকী থকা অন্তিমকণ স্বাভিমানত আঘাত পাই আকৌ এবাৰ সামাজিক আৰু সংবাদ মাধ্যমত খঙৰ ৰঙা, শোকৰ শেঁতা আৰু বেদনাৰ নীলা ৰঙৰ সমাহাৰেৰে আবেগ-ভাৱাবেগৰ এবছাৰ্ড কলাজ তৈয়াৰ কৰিছে।

বাবু বৰুৱাই কিয় এনে কৰিলে?

বাবু বৰুৱাই কিয় এনে কৰিলে? তেওঁ অপমান কৰিছে! তেওঁ ইচ্ছাকৃতভাৱে অপমান কৰিছে কাক — মাজুলীক? অসমৰ সংস্কৃতিক? অসমীয়াক? কিয়, সত্ৰীয়া-শংকৰী সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীত খ্ৰীষ্টান মিছনাৰীয়ে আব্ৰাহামিক আগ্ৰাসন চলাওঁতে মাজুলীৰ অপমান হোৱা নাছিল? তেতিয়া দেখোন হোমেন বৰগোঁহাঞিৰ দৰে ব্যক্তিয়ে সমষ্ট দোষ সত্ৰসমূহৰ ওপৰত জাপি দি এয়া মিছিং সকলৰ সত্ৰৰ বিৰূদ্ধে বিদ্ৰোহ বুলি ঘোষণা কৰিছিল। তেতিয়া মাজুলীৰ অপমান হোৱা নাছিল? আমি নাজানো, কাৰণ আমাৰ মাজুলীৰ সাংস্কৃতিক বৈশিষ্ট্যৰ বিষয়ে কোনো ধাৰণাই নাই।

বাবুৱে অসমৰ সংস্কৃতিক অপমান কৰিছে?

বাবুৱে অসমৰ সংস্কৃতিক অপমান কৰিছে? কিয়, অখিল গগৈয়ে যেতিয়া মিঞা সংস্কৃতিৰ প্ৰদৰ্শন কৰিবলৈ গৈ কাজিৰঙাৰ অৰ্কিড পাৰ্কত খেতিৰ সঁজুলী প্ৰদৰ্শন কৰিছিল, তেতিয়া অসমৰ সংস্কৃতিৰ অপমান হোৱা নাছিল? যেতিয়া অসমৰ হিন্দুত্ববাদী চৰকাৰে আমদানী কৰা পুৰোহিতেৰে অসমত ব্ৰহ্মপুত্ৰ মহোৎসৱ আৰু পুষ্কৰ মহোৎসৱ পাতিছিল তেতিয়া অসমৰ সংস্কৃতিৰ অপমান হোৱা নাছিল? যেতিয়া কাতিবিহুৰ বন্ধ উঠাই দি ষঠ পূজাৰ বন্ধ দিছিল, তেতিয়া অসমৰ সংস্কৃতিৰ অপমান হোৱা নাছিল? আমি নুবুজোঁ, কাৰণ উদাৰ হ’বলৈ গৈ আমি অসমৰ সংস্কৃতি পাহৰি পেলাইছো।

বাবুৱে অসমীয়াক অপমান কৰিছে?

বাবুৱে অসমীয়াক অপমান কৰিছে? কিয়, যেতিয়া অসমীয়াৰ স্বাৰ্থৰ বিৰূদ্ধে গঠন হোৱা আমছুৰ নেতাই টেলিভিজনৰ পোনপটীয়া সম্প্ৰচাৰণত এজন অসমীয়াক “অসমীয়াগিৰি” নেদেখুৱাবলৈ হুংকাৰ দিছিল, তেতিয়া অসমীয়াৰ অপমান হোৱা নাছিল? যেতিয়া সেই সংগঠনক জাতীয় সংগঠনৰ মৰ্যদা দি অসমৰ জাতীয় সংগঠনৰ পিতামহস্বৰূপ সদৌ অসম ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনীৰ বিৰূদ্ধে আন্দোলন কৰিছিল, তেতিয়া অসমীয়াৰ অপমান হোৱা নাছিল? যেতিয়া জাতীয় সংগঠনৰ কেন্দ্ৰীয় নেতাই পূৰ্ববংগীয়মূলৰ ব্যৱসায়ীৰ লগত চান্দাৰ দৰদাম কৰে, তেতিয়া অসমীয়াৰ অপমান নহয়? যেতিয়া অসমৰ নামজ্বলা বুদ্ধিজীৱীয়ে চৰত গৈ পূৰ্ববংগীয় মুছলমানসকলহে প্ৰকৃত অসমীয়া বুলি কৈছিল তেতিয়া অসমীয়াৰ অপমান হোৱা নাছিল? যেতিয়া চল-চাতুৰীৰে পৰিচয় গোপন কৰি অসমীয়া ছোৱালী-বোৱাৰীক পূৰ্ববংগীয় মুছলমানে হিজাব-বোৰ্খা পিন্ধাই ধৰ্মান্তৰ কৰে, তেতিয়া অসমীয়াৰ অপমান নহয়? যেতিয়া বহিৰাগত ব্যৱসায়ীয়ে অসমীয়া ছোৱালীৰ (ছাত্ৰীও আছে) লগত এৰাতিৰ বাবে দৰদাম কৰে তেতিয়া অসমীয়াৰ অপমান নহয়? আমি অনুভৱ নকৰোঁ, কাৰণ আমি অসমীয়া কোন তাৰ স্মৃতি হেৰুৱাইছো।

বাবুৱে ব্যৱসায়ৰ বাবে এই বিতৰ্কৰ সৃষ্টি কৰিছে?

বাবুৱে ব্যৱসায়ৰ বাবে এই বিতৰ্কৰ সৃষ্টি কৰিছে? কৰিবই, কাৰণ আমিয়েই বিতৰ্কক মূল্য দিওঁ। আমিয়েই বিতৰ্ক কৰি ব্যৱসায় কৰা জুবিনক হাৰ্ট থ্ৰব কৰিছো, আমিয়েই ফটুৱা মিউজিক ভি়ডিঅ’ বনোৱা ৰাকুদাক চেলিব্ৰিটি বনাইছো। আমাৰ সংবাদ মাধ্যমৰ কেমেৰাই বিতৰ্কিত খবৰ সংগ্ৰহ কৰিবলৈ মানুহৰ শোৱনী কোঠাতো প্ৰৱেশ কৰে। আমাৰ সংবাদদাতাই উষ্মাৰে বিতৰ্কিত মন্তব্যৰ খবৰ দিবলৈ উশাহ চুটি হৈ যোৱাকৈ সংবাদ পৰিৱেশন কৰে। আমি যি বিচাৰো, সেয়াই পাইছো।

বাবু সাংস্কৃতিক জেহাদী নেকি?

এচামে আকৌ বাবুক সাংস্কৃতিক জেহাদী বুলি কোৱাৰো প্ৰয়াস কৰিছে। তেওঁলোকৰ মতে বাবু প্ৰকৃততে মুছলমান, সেয়ে তেওঁ ইচ্ছাকৃতভাৱে হিন্দু ধৰ্মক অপমান কৰিবলৈ এনে কৰিছে। হাঁহি উঠা কথা। বাবু হিন্দু নে মুছলমান মই এতিয়া জনাৰো প্ৰয়োজনবোধ নকৰোঁ, কাৰণ মই জানো যে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মা নিশ্চিতভাৱে হিন্দু। তেওঁ যদি হিন্দু ধৰ্ম, হিন্দু সংস্কৃতি, আনকি হিন্দু মানুহৰ অস্তিত্বৰ অধিকাৰো মানি নোলোৱা এখন গ্ৰন্থক শিৰত তুলি ল’ব পাৰে, তেন্তে এজন বাবুৱে কিয়, হাজাৰটা বাবুৱে হিন্দু ধৰ্মক অপমান কৰিব। কাৰণ আমিয়েই হিন্দু ধৰ্মক বিকৃত ৰূপত দেখুওৱা OMG আৰু PK ৰ দৰে চিনেমাক চুপাৰহিট বনাইছো। আমি প্ৰকৃততে civilisational masochist, কোনোবাই আমাক অপমান কৰিলে, আমাক dominate কৰিলে, আমাক দাসৰ দৰে ব্যৱহাৰ কৰিলে আমি তৃপ্তি পাওঁ। এই masochistic তৃপ্তিৰ বাবেই আমি আমাৰ ডিঙিত সদায় বিদেশী ভাষা, বিদেশী আদৰ্শ, বিদেশী দৰ্শনৰ একো একোডাল অদৃশ্য শিকলী পিন্ধি থাকোঁ। কাৰণ আমি গোলাম। আমি এদিন ব্ৰিটিছৰ গোলাম আছিলো, এতিয়া হিন্দী বলয়ৰ গোলামী কৰিছো, কাইলৈ বাংলাদেশীৰ গোলামী কৰিম। Ideologyৰ এইবোৰ অদৃশ্য শিকলী পিন্ধি আগন্তুক গোলামীৰ বাবে আমি নিজকে মানসিকভাৱে প্ৰস্তুত কৰিছো।

এয়াই অসমীয়া জাতিৰ ভৱিষ্যত নেকি?

মোৰ মতে বাবুৱে একো ভুল দেখুওৱা নাই। আৰৱীয় মৰুভূমিৰ আগ্ৰাসনৰ কবলত পৰি শংকৰী সংস্কৃতিৰ একনিষ্ঠ সাধকসকলে এদিন এইদৰেই ভিক্ষা খুজিব লাগিব। মোম্বাইৰ ৰেড লাইট এৰিয়াৰ এগৰাকী বাসিন্দাই অসমীয়া মেখেলা-চাদৰ পিন্ধি গ্ৰাহকক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা এটা ভিডিঅ’ দেখিছিলো, কাৰণ হৈছে ডিমাণ্ড। এদিন সত্ৰীয়া নৃত্যৰ পোচাক পিন্ধি কোনোবাই গ্ৰাহকক আকৰ্ষণ কৰিব বিচাৰিলেও মই আচৰিত নহ’ম। কাৰণটো একেই — ডিমাণ্ড। আমাৰ পূৰ্বজসকলৰ শ শ বছৰৰ সাধনাৰ মূল্যায়ণ আমি বজাৰ অৰ্থনীতিৰ দয়াৰ ওপৰত এৰি দিছো। সিহঁতবোৰৰ দয়াৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ জীৱন, আমাৰ ভাষা, আমাৰ কৃষ্টি। সিহঁতৰ দয়াৰ ওপৰতে নিৰ্ভৰ কৰিব আমাৰ নাৰীসকলৰ সন্মান। বাবু তুমি মহান। তুমি ভৱিষ্যতদ্ৰষ্টা, তুমি অসমীয়াক (যিকেইইটাই এতিয়াও নিজকে অসমীয়া বুলি ভাৱে) ভৱিষ্যত দৰ্শন কৰোৱালা। কৰ্মোদ্যমহীন, চান্দাজীৱী অসমীয়াই এদিন এইদৰেই ৰাজপথত ভিক্ষা কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *