সত্ৰাধিকাৰৰ কোৰান ভক্তি

মুছলমানসকলৰ পবিত্ৰ গ্ৰন্থ কোৰান

এটা পোৰ্টেলত বাতৰি বাজিছে এনেদৰে–বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই মূৰত তুলি ল’লে কোৰান, ঠেক ধৰ্মীয় চিন্তা পৰিহাৰ কৰি এক সুন্দৰ নিদৰ্শন, এক সুন্দৰ বাৰ্তাৰে জিলিকিছে বৰপেটা। জামাত-ই-ইছলামী নামৰ এটা সংগঠনে আয়োজন কৰা এখন আলোচনা চক্ৰত বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাক এখন কোৰান উপহাৰ দিয়া হৈছিল। সংবাদমতে তেখেতে সেই উপহাৰ শিৰত তুলি লৈ গ্ৰহণ কৰি সমাজলৈ এক “সুন্দৰ বাৰ্তা” প্ৰেৰণ কৰিলে। আহকচোন আমি সংবাদটোৰ post-mortem কৰি post-truth উলিয়াবলৈ যত্ন কৰোঁ।

প্ৰথমতেই আমি জানি থোৱা ভাল যে এই সংগঠনটোৰ জম্মু কাশ্মীৰৰ শাখাটো চৰকাৰে সন্ত্ৰাসবাদ আৰু বিঘটনকাৰী কাৰ্যকলাপক প্ৰশ্ৰয় দিয়াৰ প্ৰমাণ পোৱাৰ পাছত প্ৰতিবন্ধিত কৰি ৰাখিছে (https://m.economictimes.com/…/trib…/articleshow/70946424.cms)। গতিকে তেনে এটা সংগঠনে অসমত সাম্প্ৰদায়িক সম্প্ৰীতিৰ বাবে হজৰত মহম্মদৰ জীৱন-দৰ্শনৰ বিষয়ত আলোচনা চক্ৰ অনুষ্ঠিত কৰিলে বিড়াল তপস্যা বুলি সন্দেহ নোহোৱাকৈ নাথাকে। আনহাতে, জামাত-ই-ইছলামী, জম্মু আৰু কাশ্মীৰ, আৰু জামাত-ই-ইছলামী, অসমৰ মাজত কোনো থিয়লজিকেল প্ৰাৰ্থক্য নাই — উভয়ে বিশ্বাস কৰে যে কোৰানেই হৈছে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ, সৰ্বকালৰ বাবে, সকলো মানুহৰ বাবে একমাত্ৰ সত্য-শুদ্ধ ধৰ্মগ্ৰন্থ, ইছলামেই হৈছে একমাত্ৰ শুদ্ধ পথ, আৰু হজৰত মহম্মদেই হৈছে এই শুদ্ধ পথ দেখুৱাওঁতা একমাত্ৰ ৰচুল। গতিকে তেওঁলোকৰ মান্যতাৰ আধাৰত বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাৰ সৰল বিশ্বাসৰ পোষ্টমৰ্টেমৰ একান্তই প্ৰয়োজন হৈ পৰিছে।

সৰল বিশ্বাস ১ – গীতাও ধৰ্মগ্ৰন্থ আৰু কোৰানো ধৰ্মগ্ৰন্থ

ধৰ্মগ্ৰন্থ কি সেয়া নিৰ্ণয় কৰিবলৈ হ’লে প্ৰথমে ধৰ্ম কি তাক জানিব লাগিব। সংস্কৃত ধৃ ধাতুৰ পৰা ধৰ্ম শব্দৰ উৎপত্তি হৈছে। ধৃ ধাতুৰ অৰ্থ হৈছে ধাৰণ কৰা, পালন কৰা। যি ধাৰণ কৰে সি ধৰ্ম। ধৰ্মৰ প্ৰভাৱ ক্ষেত্ৰ তিনিটা — ব্যষ্টি (ব্যক্তি), সমষ্টি (সমাজ) আৰু সৃষ্টি (ব্যক্তি আৰু সমাজৰ আন্তঃক্ৰিয়াৰ ফলত উদ্ভৱ ব্যৱস্থা)।

ব্যক্তি আৰু ধৰ্ম

ব্যক্তিৰ সন্দৰ্ভত ধৰ্মৰ ব্যাখ্যা দিবলৈ গৈ মহাভাৰতত লিখিছে,

 প্ৰভৱাৰ্থায় ভূতানাং ধৰ্মপ্ৰৱচনং কৃতং
য়ঃ স্যাৎ প্ৰভৱসংযুক্তম স ধৰ্ম ইতি নিশ্চয়ঃ
(মহাভাৰত, শান্তিপৰ্ব, অধ্যায় ১০৯, শ্লোক ১০)

অৰ্থাৎ, ব্যক্তিৰ বিকাশ তথা বিবৰ্তনৰ লক্ষ্যৰেহে ধৰ্ম প্ৰচাৰ কৰা হয়। সেয়ে কোৱা হয় যে যিয়ে ব্যক্তিৰ বিবৰ্তন (উত্তৰণ) সম্ভৱ কৰি তুলে, সিয়েই ধৰ্ম। সকলো ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ মূল উদ্দেশ্য এয়াহে — ব্যক্তিৰ উত্তৰণ সহজসাধ্য কৰি তোলা।

সমাজ আৰু ধৰ্ম

সমাজৰ সন্দৰ্ভত ধৰ্মৰ ব্যাখ্যা দিবলৈ গৈ শাস্ত্ৰত কৈছে, ধৰতি লোকান ধ্ৰিয়তে পুণ্যাত্মভিঃ ইতি ৱৈ ধৰ্মঃ, অৰ্থাৎ যি সমাজক ধাৰণ কৰে আৰু যাক পুন্যাত্মাসকলে গ্ৰহণ কৰে সেয়াই ধৰ্ম। মহাভাৰতৰ কৰ্ণপৰ্ব (অধ্যায় ৪৯, শ্লোক ৫০)ত আছে –ধাৰণাদ্ধৰ্মমিত্যাহু ধৰ্মো ধাৰয়তি প্ৰজাঃ, অৰ্থাৎ, যিয়ে প্ৰজাক আৰু ফলস্বৰূপে সমাজক পালন কৰে সি ধৰ্ম।

 ধাৰণাদ্ধৰ্ম ইত্যাহু ধৰ্মেণ বিধৃতাঃ প্ৰজাঃ
য়স্মাদ্ধাৰয়তে সৰ্বং ত্ৰৈলোক্যং সচৰাচৰম।

অৰ্থাৎ, ধাৰণ কৰিব পৰা গুণৰ বাবে ই ধৰ্ম সংজ্ঞা লাভ কৰে। ধৰ্মৰ দ্বাৰা প্ৰজা পালিত হয়। ফলস্বৰূপে ই তিনিও লোককে ধাৰণ কৰে। আকৌ কৈছে,

 ধাৰণাদ্বিদ্বিষাং চৈৱ ধৰ্মেনাৰঞ্জয়ন্ প্ৰজাঃ
তস্মাদ্ধাৰণমিত্যুক্তং স ধৰ্ম ইতি নিশ্চয়ঃ।

শত্ৰু অৰ্থাৎ অধৰ্মক নিয়ন্ত্ৰণ কৰি আৰু নিয়ম অনুসৰণ কৰি ধৰ্মই প্ৰজাক পালন কৰে। এইদৰে ই সমাজক ধাৰণ আৰু পালন কৰে।

ব্যক্তি, সমাজ আৰু ধৰ্ম

ব্যক্তি আৰু সমাজৰ সমূহীয়া কল্যাণ সাধনত ধৰ্মৰ ভুমিকা সম্পৰ্কে আদি শংকৰাচাৰ্যই তেখেতৰ শ্ৰীমদ্ভাগৱতগীতা ভাষ্যৰ পাতনিত লিখিছে, জগতঃ স্থিতিকাৰণং প্ৰাণিনাং সাক্ষাৎ অভ্যুদয়নিঃশ্ৰেয়সহেতুৰ্য়ঃ স ধৰ্মঃ — যিয়ে সমষ্ট জগতপালনৰ তিনিও কৰ্ম (ব্যষ্টিপালন, সমষ্টিপালন আৰু সৃষ্টিপালন) সাধন কৰে, সকলো জীৱৰে পাৰ্থিৱ কল্যাণৰ লগতে আধ্যাত্মিক উৎকৰ্ষ সাধন কৰি মোক্ষ লাভৰ পথ প্ৰশস্ত কৰে, সিয়েই ধৰ্ম।

কোৰান ধৰ্মগ্ৰন্থ হয় নে?

ওপৰৰ আলোচনাৰ প্ৰেক্ষাপটত শ্ৰীমদ্ভাগৱত গীতাক এখন ধৰ্মগ্ৰন্থ বুলি নিশ্চয় ক’ব পাৰি, আনহাতে কোৰানখন ধৰ্মগ্ৰন্থ হয় নে নহয়, সেয়া পাঠকক এই মাপকাঠিৰে নিজেই বিচাৰ কৰি চাবলৈ আহ্বান জনালো। কাৰণ অনুমানত কৈ প্ৰত্যক্ষ প্ৰমাণৰ মহত্ব বেছি।

সৰল বিশ্বাস ২ – কোৰানৰ সাৰমৰ্মখিনি অন্তৰেৰে উপলব্ধি কৰিব পাৰিলেহে আমাৰ সমাজত শান্তি-সম্প্ৰীতি অটুত থাকিব

এতিয়া আলোচনা কৰোঁ কোৰানৰ সাৰমৰ্মৰ বিষয়ে। কোৰান সৃষ্টিকৰ্তা আল্লাৰ বাণী, গতিকে ইয়াৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা নিষেধ। আল্লা হৈছে সমষ্ট জগতৰ তথা জন্নত আৰু জহন্নামৰ সৃষ্টিকৰ্তা। গতিকে স্বয়ং আৰু আল্লাৰ সম্বন্ধৰ বিষয়ে জানিলৈ, আল্লাই নিজ বান্দাৰ পৰা কি আশা কৰে জানি লৈহে নিজক জানিবলৈ চেষ্টা কৰিব লাগে। ইছলামৰ বাৰ্তা আৰু উদ্দেশ্যৰ বিষয়ে সকলো বিশ্বাসী অৱগত হোৱা উচিত। ইছলাম হৈছে আল্লাৰ একমাত্ৰ স্বীকৃত পন্থা আৰু সেয়েহে সকলো মানুহে ইছলাম অনুসৰীহে জীৱন যাপন কৰা উচিত। হজৰত মহম্মদ হৈছে আল্লাৰ সকলোতকৈ প্ৰিয় ৰচুল আৰু শেষ নৱী, গতিকে তেওঁ সমষ্ট মানৱৰ বাবে আদৰ্শ (চুন্নাহ)। সকলো মানুহে মহম্মদক অনুকৰণ কৰিব লাগে। সকলো মানুহে আল্লাৰ ৰাজ্যক বুজিবলৈ চেষ্টা কৰিব লাগে, যাতে শেষ বিচাৰৰ দিনা এই ৰাজ্যই মানুহৰ সপক্ষে নে বিপক্ষে সাক্ষী দিব তাক বুজিব পৰা যায়। আল্লাৰ অদৃশ্য সৃষ্টি – যেনে, জীন (ভুত), ইঞ্জিল (দেৱদূত) আদি, ইবিলাকৰ দায়িত্ব, সংখ্যা আৰু ক্ষমতাত বিশ্বাস কৰিব লাগে, কাৰণ এইবিলাক আল্লাৰ ঐশ্বৰীক ক্ষমতাৰ সাক্ষী। ইয়াকে কোৱা হয় ইমান-বিল-গায়ব। কোৰানে বিশ্বাসীসকলক জীৱনত মুখামুখি হ’ব পৰা শত্ৰু, চয়তান, নাফ (কামনা আৰু মোহ) আদিৰ পৰা সতৰ্ক কৰাৰ লগতে সিবোৰৰ লগত কিদৰে আচৰণ কৰিব লাগে তাৰ নিৰ্দেশ দিছে। ইছলামত ইমান অনা সকলৰ অধিকাৰ (rights of the brotherhood among Muslims) ৰ সম্পৰ্কে মুছলমানসকল সদায় সজাগ থাকিব লাগিব, কাৰণ মুছলমান এক জাতি (nation) । মানৱজীৱনৰ একমাত্ৰ লক্ষ্য হৈছে জন্নত(স্বৰ্গ)প্ৰাপ্তি আৰু জহন্নাম (নৰক)ৰ পথ পৰিহাৰ। কোৰানৰ এক-তৃতীয়াংশ জন্নতৰ সুখ-স্বাছন্দ্যৰ লোভনীয় বৰ্ণনা তথা নৰকৰ দুখ-দুৰ্গতিৰ ভংয়কৰ কাহিনীৰে ভৰপূৰ। সামগ্ৰিকভাৱে,

  • কোৰান একমাত্ৰ আল্লাৰ বাণী, ই চিৰদিনৰ বাবে জীৱন্ত হৈ থাকিব। গতিকে কোৰানক লৈ কোনো সন্দেহ কৰা নচলিব।
  • ইছলাম আল্লাৰ একমাত্ৰ মান্য পন্থা, গতিকে সকলোৱে ইছলাম মানিবই লাগিব আৰু ইছলামক লৈ কোনো সন্দেহ কৰা নচলিব।
  • হজৰত মহম্মদ আল্লাৰ একমাত্ৰ প্ৰিয় শেষ ৰচুল, গতিকে মহম্মদক লৈ কোনো সন্দেহ কৰা নচলিব।
  • মহম্মদেই হৈছে শ্ৰেষ্ঠ মানৱ, তেওঁ সদাঅনুকৰণীয়।
  • জন্নতেই হৈছে মানৱৰ শ্ৰেষ্ঠ প্ৰাপ্তি, তাৰ বাবে জীৱন আচৰণ কৰাটোৱেই হৈছে ইছলামৰ মতে ‘ধৰ্ম’।

আল্লাৰ বাণী

আল্লাৰ বাণী কি? “সমষ্ট জীৱৰ মাজত সিহঁতেই হৈছে আটাইতকৈ নিকৃষ্ট জীৱ, যি সকলে স্বীকাৰ নকৰে, আৰু বিশ্বাস নকৰে” (৮-৫৫)। অবিশ্বাসীসকলৰ বাবে আল্লাই কি ৰাখি থৈছে? “আৰু যিবোৰ সত্য প্ৰত্যাখ্যানকাৰী, সিবোৰৰ বাবে আমি ৰাখি থৈছো অপমানজনক শাস্তি” (৪-১৫১)। বিশ্বাসীসকলে অবিশ্বাসীসকলক কি ৰূপে গ্ৰহণ কৰা উচিত? “নিশ্চয় কাফেৰ (অবিশ্বাসী)সকল তোমালোকৰ প্ৰকাশ্য শত্ৰু” (৪-১০১)। আৰু প্ৰকাশ্য শত্ৰুক কেনেদৰে হত্যা কৰিব লাগে তাৰ বিস্তৃত বৰ্ণনা কোৰানত আছে। কোৰানত কাফেৰৰ বাহিৰেও আৰু এটা শব্দ পোৱা যায় — মুশৰিক। মুশৰিক হৈছে এনে এজন ব্যক্তি যিজনে আল্লাক বাদ দি আন কাৰোবাক বা আল্লাৰ বাহিৰেও আন কাৰোবাক উপাসনা কৰে। এজন মানুহে আল্লাক বিশ্বাস কৰিলেও তেওঁ মুশৰিক হ’ব যদিহে তেওঁ আন কাৰোবাক উপাসনা কৰে। উদাহৰণস্বৰূপে, ইছলামৰ দৃষ্টিত বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মা এজন মুশৰিক। আল্লাই তেওঁৰ অনুগামীসকলক মুশৰিকবিলাকক কি কৰিব লাগে তাৰ স্পষ্ট নিৰ্দেশ দিছে–“তাৰ পাছত নিষিদ্ধ মাহবোৰ পাৰ হোৱাৰ পাছত মুশৰিকবিলাকক য’তে পোৱা ত’তে হত্যা কৰা, সিহঁতক বন্দী কৰা, অৱৰোধ কৰা। প্ৰত্যেক ঘাটিতে সিহঁতৰ বাবে চোপ লৈ থাকা। কিন্তু যদি সিহঁতে তৌবা কৰে (আল্লাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে) আৰু নামাজ আদায় কৰে, তেন্তে সিহঁতৰ পথ এৰি দিয়া। নিশ্চয় আল্লা অতি ক্ষমাশীল আৰু দয়ালু” (৯-৫)।

অৰ্থাৎ, কোৰানৰ স্পষ্ট কথা — হয় ইছলাম স্বীকাৰ কৰা, নহ’লে মৃত্যু বৰণ কৰা। কোৰানৰ এইসমূহ বাণীৰ সাৰমৰ্ম গ্ৰহণ কৰিয়েই আক্ৰমণকাৰী মুছলমানসকলে ভাৰতৰ হাজাৰ হাজাৰ মঠ-মন্দিৰ ধ্বংস কৰিছিল, লাখ লাখ মানুহ হত্যা কৰিছিল, কোটি কোটি মানুহক বলপূৰ্বক ধৰ্মান্তৰীত কৰাইছিল। এই সাৰমৰ্ম গ্ৰহণ কৰিয়েই কালাপাহাৰে কামাখ্যা মন্দিৰ ধ্বংস কৰিছিল। এই সাৰমৰ্ম গ্ৰহণ কৰিয়েই অসমত মুছলমানে সত্ৰৰ হাজাৰ হাজাৰ বিঘা মাটিত বেদখল কৰিছে। মুছলমানে এই সাৰমৰ্ম গ্ৰহণ কৰা বাবেই বাবৰে ধ্বংস কৰি তাৰ ওপৰত নিৰ্মাণ কৰা মচজিদৰ ঠাইত ৰাম মন্দিৰ সাজিবলৈ নিজৰ ভূমিতে হিন্দুসকলে ৪৯২ বছৰ অপেক্ষা কৰিব লগা হ’ল (তাৰে ১৩৯ বছৰ ন্যায়িক যুদ্ধ), আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছতো অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল’ ব’ৰ্ডে ৰাম মন্দিৰৰ ৰায়ৰ বিৰূদ্ধে পুনৰবিচাৰ আবেদন দাখিল কৰিছে। মুছলমানে কোৰানৰ এই সাৰ গ্ৰহণ কৰা বাবেই সবাতোতকৈ প্ৰাচীন সভ্যতাৰ দুৰ্ভগীয়া উত্তৰপুৰুষসকলে তেওঁলোকৰ প্ৰাচীন আৰু পবিত্ৰ তীৰ্থস্থান কাশী আৰু মথুৰাত হাজাৰ বছৰীয়া সংস্কৃতিক ভেঙুচালী কৰি চুড়ান্ত অপমানজনকভাৱে মন্দিৰ ভাঙি নিৰ্মাণ কৰা মচজিদবোৰলৈ চাই হা-হুতাহ কাঢ়ি থাকিবলগীয়া হৈছে। কোৰানৰ সাৰমৰ্ম গ্ৰহণ কৰা বাবেই ইছলামীক অধ্যয়ণত ডক্টৰেট ডিগ্ৰী লোৱা বাগদাদী আৰু অভিযন্তা ওচামা বিন লাডেন বিশ্বত্ৰাস সন্ত্ৰাসবাদী হৈ পৰিল। কোৰানৰ সাৰমৰ্ম গ্ৰহণ কৰা বাবেই চিকিৎসক জাকিৰ নায়কে সন্ত্ৰাসবাদ তথা বিচ্ছিন্নতাবাদ বিয়পোৱাৰ অভিযোগত অভিযুক্ত হৈ দেশ এৰি পলাই ফুৰিব লগা হৈছে। কোৰানৰ সাৰমৰ্ম মাদ্ৰাছাত শিকোৱা হয় বাবেই বিশ্বৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠনসমূহে একান্ত অনুৰক্ত সৈনিক বিচাৰি মাদ্ৰাছালৈ আহে।

সৰল বিশ্বাস ৩ – ঠেক ধৰ্মীয় চিন্তা পৰিহাৰ কৰিব লাগে

সংজ্ঞা অনুসৰীয়েই ধৰ্মীয় চিন্তা ঠেক হ’ব নোৱাৰে। যি সমষ্ট মানৱ তথা সমাজৰ কল্যাণৰ পৰিপন্থী হয়, সি ধৰ্ম হ’বই নোৱাৰে। অৱশ্যে কেৱল এচাম মানুহৰ কল্যাণ কামনা কৰা মজহৱী চিন্তা ঠেক হোৱাটো স্বাভাৱিক।

সৰল বিশ্বাস ৪ – সকলো ধৰ্মগ্ৰন্থতে মানৱতাৰ জয়গান আছে

ওপৰত কোৰানৰ সাৰমৰ্ম বৰ্ণনা কৰিছো। তাৰ মাজত যদি বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাই মানৱতাৰ জয়গান বিচাৰি পায়, তেন্তে কোৰানত আল্লাই মুছলমানৰ বাবে নায্য কৰা যৌনদাসী তথা দাস আদি গনিমতৰ মাল (লুটৰ মাল)ৰ ভাগ-বতৰাৰ নিৰ্দেশাৱলী পঢ়ি আৰু সেয়া অনুসৰণ কৰি বুঢ়া সত্ৰীয়াই নতুনকৈ মানুহ হোৱাৰ গৌৰৱ অৰ্জন কৰিব পাৰে। After all, he may not be too old a dog to learn new tricks, eh?

Leave a Reply

Your email address will not be published. Required fields are marked *